1 কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে?
কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে?
2 যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে,
শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;
3 তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ,
আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।”
4 যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে;
যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।
5 তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব,
তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব।
6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োনa পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
7 ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম;
যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।
8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম,
পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
9 লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা;
কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
10 গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা;
হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা।
11 ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পনb কৰা।
12 তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমাc খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব,
তোমালোক নিজৰ পথতে বিনষ্ট হবা;
কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে।
ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।