গীতমালা
1 ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে,
পাপীবিলাকৰ পথত থিয় নহয়,
নিন্দকবোৰৰ সমাবেশত নবহে;
2 কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়,
আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।
3 সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা,
যি গছে বতৰত ফল দিয়ে,
আৰু যাৰ পাত জঁয় নপৰে;
সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।
4 দুষ্টবোৰ তেনেকুৱা নহয়;
সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা।
5 এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব,
আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব।
6 কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে,
কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।