নহূম
গ্রন্থ ৰচয়িতা
নহূহমক “এল্কোচাইট” হিচাপে নহূম পুস্তকৰ লিখক বুলি চিহ্নিত কৰে, (এল্কোচাইট ইব্রী ভাষাৰ শব্দ, ইয়াৰ অর্থ, ‘সান্ত্বনাকাৰী’ বা সান্ত্বনাদাতা’) (1:1)। ভাববাদী হিচাপে নহূমক অচূৰীয়া লোকসকলক মনপালটনৰ আহ্বান দিবৰ বাবে পঠিয়াইছিল, বিশেষকৈ তেওঁলোকৰ ৰাজধানী চহৰ নিনবীৰ বাবে। এই ঘটনাৰ প্রায় 150 বছৰৰ পাছত, যেতিয়া যোনাই নিনবীৰ লোকসকলৰ প্রতি মনপালটনৰ বার্তা লৈ আহিছিল, তেতিয়া তেওঁলোকে তেওঁৰ আগতে পূর্বৰ মূর্তিপুজাৰ পৰা মনপালটন কৰিছিল।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 620-612 খ্রীষ্টপূর্বৰ ভিতৰত।
নহূমৰ সময় ন্যায্যভাবে সহজতে নির্ধাৰণ কৰিব পাৰি, কাৰণ ইয়াৰ লগত দুটা সুপৰিচিত ঘটনা পৰিস্কাৰভাবে জড়িত হৈ আছে:এটা থেবেচৰ পতন আৰু আনটো নিনবীৰ পতন।
প্রাপক
নহূমৰ ভবিষ্যতবাণী আছিল অচূৰীয়াৰ প্রতি উভয়কে মুকলি কৰি দিয়াৰ, কাৰণ তেওঁলোকে উত্তৰাঞ্চলৰ দহটা ফৈদক দখল কৰিছিল আৰু তেওঁলোকক লৈ আহিছিল, আৰু যিহূদাৰ দক্ষিণাঞ্চলৰ লোকসকল, যিসকলে তেওঁলোকৰ প্রতিও এনে দশা হ’ব বুলি ভয় পাই আছিল।
উদ্দেশ্য
ঈশ্বৰৰ ন্যায়বিচাৰ সর্বদায় সঠিক আৰু সর্বদায় নিশ্চিত। তেওঁ এই সময়ৰ বাবে দয়া কৰাটো উচিত আছিল, ভাল উপহাৰ সকলোৰে বাবে শেষ পর্যন্ত বিচাৰ প্রভুৰ চূড়ান্ত অনুভুতিৰ বুজাবুজিৰে নহব। ঈশ্বৰে ইতিমধ্যে 150 বছৰ পূর্বে তেওঁলোকৰ ওচৰলৈ ভাববাদী যোনাৰ সৈতে তেওঁৰ প্রতিজ্ঞা প্রেৰণ কৰিছিল, যদি তেওঁলোকে এই মন্দপথত ধাৰাবাহিকভাবে চলি থাকে তেনেহলে তেওঁলোকৰ প্রতি এয়া সম্ভৱ হ’ব। সেই সময় জনগণে মনপালটন কৰিছিল, কিন্তু এতিয়াও তেওঁলোক সিমান বেয়া নহয় পূর্বে তেওঁলোক যিমান বেয়া আছিল। তেওঁলোকৰ বিজয়ত অচূৰীয়াসকল একেবাৰে পাশবিক হৈ উঠিছিল। এতিয়া নহূমে যিহূদা জাতিক নিৰাশ নহবৰ বাবে কৈছিল, কাৰণ ঈশ্বৰে তেওঁৰ বিচাৰৰ ৰায় উচ্চাৰণ কৰিছে আৰু অচূৰীয়াসকলে অতি সোনকালে তেওঁলোকৰ পাবলগীয়া যি, সেয়া পাব।
মূল বিষয়
সান্তনা।
প্রান্তৰেখা
1. ঈশ্বৰৰ মহিমা — 1:1-14
2. ঈশ্বৰৰ সোধবিচাৰ আৰু নিনবী — 1:15-3:19