প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।
1 হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল;
বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।
2 মানুহে মানুহৰ ওচৰত মিছা কথা কয়;
তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।
3 তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;
4 সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম;
আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই,
কোন আমাৰ ওপৰত প্ৰভু হ’ব?”
5 যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে
মই এতিয়া জাগি উঠিম।
নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
6 যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ।
সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ;
সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।
7 হে যিহোৱা, তুমিয়েই আমাকa নিৰাপদে ৰাখিবা।
এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাকb ৰক্ষা কৰিবা।
8 লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়,
দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।